মৰিয়ানী – মৰিয়নীত চাহ জনগোষ্ঠীৰ লোকৰ মাজত বিলাবলৈ মজুত ৰখা চাৰিশৰো অধিক চাইকেল জব্দ প্ৰশাসনৰ। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তৎপৰতাত মৰিয়নী ৰাজহ চক্ৰ বিষয়াই জব্দ কৰে চাইকেল সমুহ। চাইকেল জমা কৰি ৰখা কাৰ্যক গৰিহণা দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
অসম বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী অধিসূচনা জাৰী হোৱাৰ পিছতেই অধিক তৎপৰ হৈ পৰিছে প্ৰশাসন। শনিবাৰে যোৰহাট জিলাৰ মৰিয়নী চাহ মজদুৰ ছাত্ৰাবাসত মজুত ৰখা চাৰিশৰো অধিক চাইকেল জব্দ কৰে মৰিয়নী ৰাজহ চক্ৰ বিষয়াই। জানিব পৰা মতে কিছুদিন পূৰ্বে কোনো এটা ৰাজনৈতিক দলে চাহ জনগোষ্ঠীৰ লোক সকলৰ মাজত বিলাবলৈ এই চাইকেল সমূহ মজুত ৰাখিছিল।
মৰিয়নী চাহ মজদুৰ ছাত্ৰাবাসত চাইকেল জমা ৰখাৰ খবৰ লাভ কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে ৰাজহ চক্ৰ বিষয়াক খবৰ দিয়ে। ইয়াৰ পিছতে মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে চাইকেল সমূহ জব্দ কৰে।
ইফালে নিৰ্বাচনী অধিসূচনা জাৰী হোৱাৰ পিছতে মৰিয়নীত চাহ জনগোষ্ঠীৰ লোকৰ মাজত বিতৰণৰ বাবে চাইকেল জমা কৰি ৰখা ঘটনাক গৰিহণা দিয়ে বিধায়ক ৰূপজ্যোতি কুর্মীয়ে। চাইকেল সমূহ কোনটো ৰাজনৈতিক দলে মজুত ৰাখিছিল তাৰ তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে।