নিউজ ডেস্কঃ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আছানী ঘূৰ্ণীবতাহে। অন্ধ্ৰপ্ৰদেশৰ বিশ্বাখাপট্টনম আৰু তামিলনাডুৰ চেন্নাইত এই ঘূৰ্ণীবতাহৰ বাবে বহু কেইখন বিমানৰ যাত্ৰাত প্ৰভাৱ পৰিছে। 

বিশ্বাখাপট্টনম আন্তঃৰাষ্ট্ৰীয় বিমা বন্দৰৰ নিৰ্দেশক শ্ৰীনিবাসে এই সন্দৰ্ভত কয় যে- ইণ্ডিগোই বেয়া বতৰৰ বাবে উৰণ আৰু অৱতৰণ কৰিবলগীয়া ২৩ খনক বিমানৰ যাত্ৰা বন্ধ কৰি দিছে। লগতে এয়াৰ এছিয়াৰো চাৰিখন বিমানৰ যাত্ৰা প্ৰত্যাহাৰ কৰিছে। 

ইফালে, এই ঘূৰ্ণীবতাহৰ বাবে পশ্চিমবংগ, ওড়িশ্যা, বিহাৰ, ঝাৰখণ্ড, তেলেংগানা, অন্ধ্ৰপ্ৰদেশত ধাৰাসাৰ বৃষ্টিপাত হোৱা পৰিলক্ষিত হৈছে। এই নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত এই ৰাজ্য কেইখনত জনজীৱন স্তব্ধ হৈ পৰিছে।

আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই আছানী ঘূৰ্ণীবতাহৰ বাবে তামিলনাডু, কৰ্ণাটক আৰু তেলেংগানাত আজিও ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। আৰু অহা শুকুৰবাৰলৈ অসম, মেঘালয়তো বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply