অহা ২৬ মে’ত ভাৰতৰ পূব উপকূলক আহিবলগীয়া য়াছ চাইক্ল’নৰ (Cyclone Yaas) পূৰ্বে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্য কেইখনত বিজুলী ঢেৰেকনিৰে প্ৰচণ্ড বতাহ-বৰষুণ অহাৰ পূৰ্বামান কৰিছে ভাৰতীয় বতৰবিজ্ঞান বিভাগে।

ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ নেশ্যনেল ৱে’ডাৰ ফ’ৰকাষ্টিং চেণ্টাৰে কৰা পূৰ্বামান অনুসৰি অহা দুদিনত পূব আৰু উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত গাজনি-ঢেৰেকনিৰে বতাহ-বৰষুণ অহাৰ সম্ভাৱনা আছে।  

ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ মতে অসম, মেঘালয়, পশ্চিমবংগ, ঝাৰখণ্ড, কেৰেলা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আদি ৰাজ্যৰ কোনো কোনো অঞ্চলত আজি ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা বতাহকে ধৰি বিজুলী-ঢেৰেকনিৰে বৰষুণ আহিব পাৰে।

লগতে পঢ়ক : WhatsApp-ক প্ৰাইভেচি পলিচি বন্ধ কৰিবলৈ সকীয়নি কেন্দ্ৰীয় চৰকাৰৰ

তদুপৰি নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম, বিহাৰ আৰু ওড়িষ্যা আদি ৰাজ্যৰ কিছুমান অঞ্চলত বিজুলী, বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে।

শুকুৰবাৰে অৰ্থাৎ ২১ মে’ত অসম, মেঘালয়, আণ্ডামান নিকোবাৰ দীপপুঞ্জ, পশ্চিমবংগৰ কেতবোৰ অঞ্চলত প্ৰচণ্ড বৰষুণ পৰাৰ লগতে বিজুলী, বজ্ৰপাতৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply