নিউজ ডেস্কঃ পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। বুধবাৰৰ পৰা প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০টকাকৈ আৰু ৫ কেজি ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৮টকাকৈ বৃদ্ধি কৰা হৈছে। এতিয়াৰে পৰা অসমত ৰাজসাহাৰ্য্য বিহীন প্ৰতিটো ১৪.২ কেজি ৰন্ধন গেছৰ মূল্য হ’লগৈ ১০৫৩ টকা। চলিত বৰ্ষৰ মে’ মাহৰ পৰা তিনিবাৰকৈ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য।

উল্লেখ্য যে, ২০২১ চনৰ অক্টোবৰৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। ১ অক্টোবৰত ৯১১ টকালৈ বৃদ্ধি হয়। ৬ অক্টোবৰত পুনৰ মূল্য হ্ৰাস পাইছিল । এই বৰ্ষটোৰ ভিতৰতে ৰন্ধন গেছৰ মূল্য চাৰিগুণলৈ বৃদ্ধি হয়।

আনহাতে কলকাতাত ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি হৈ ১,০৭৯ টকা, দিল্লীত ১০৫৩ টকা, মুম্বাইত ১০৫২.৫০ টকা আৰু চেন্নাইত ১০৬৮.৫০ টকা হৈছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply