হোজাই: অবশেষত থানাৰ ভিতৰতে ঘোষ লৈ নিলম্বিত হোৱা ডবকা আৰক্ষী থানাৰ ASI হৰি কমল দাসক গ্ৰেপ্তাৰ কৰিছে ৷ লগতে গ্ৰেপ্তাৰ কৰিছে মধ্যভোগী মিথুন চক্ৰৱৰ্তীকো৷ ই ৰিক্সাচালক আব্দুল নুৰৰ এজাহাৰৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰে ডবকা আৰক্ষীয়ে ৷
ডবকা আৰক্ষীয়ে 604/21 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি দুয়োকে গ্ৰেপ্তাৰ কৰে। ভাঃদঃবিঃ ৰ 120(B)/384/34 ধাৰাত গোচৰ পঞ্জীয়ন কৰি দুয়োকে জেৰা চলাই ৷ সম্প্ৰতি দুয়োকে ডবকা আৰক্ষীয়ে মাৰাথান জেৰা চলোৱা অন্তত আজি দুয়োকে ডবকা আৰক্ষীয়ে হোজাইৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰায় ৷
হাজিৰ কৰাৰ অন্তত মিথুন চক্ৰৱৰ্তীক আৰু অধিক তথ্যৰ বাবে চাৰিদিনৰ বাবে নিজৰ জিম্মাত বিচাৰে ৷ ন্যায়িক দণ্ডাধীশে সমগ্ৰ বিষয়টো চালিজাৰি চোৱাৰ অন্তত হৰিকমল দাসক ন্যায়িক জিম্মালৈ প্ৰেৰন কৰে আৰু মিথুন চক্ৰৱৰ্তীক ২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰন কৰে ৷
অতি ক্ষীপ্ৰতাৰে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই নিজাববীয়াকৈ তদন্ত কৰি ঘোচখোৰ ASI হৰিকমল দাসক জেললৈ প্ৰেৰণ কৰা কাৰ্যত ডবকাৰ সচেতন মহলে ধন্যবাদ জনাইছে ৷
লগতে পঢ়ক-মহানগৰীত নিজৰ সাহসৰ বাবে কথমপি অপহৰণৰ পৰা ৰক্ষা পৰিল এটি শিশু