ডবকা: হোজাই জিলাৰ ডবকাত পোন প্ৰথমবাৰৰ বাবে এখন চিত্ৰ প্ৰদৰ্শনী মুকলি কৰা হয়৷ডবকাৰ বিশিষ্ট চিত্ৰ শিল্পী ডক্টৰ জোনমনি বৰাৰ একক প্ৰচেষ্টাত হেম বৰা আৰ্ট গেলেৰী নামৰ চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে হোজাইৰ বিধায়ক ৰাম কৃষ্ণ ঘোষে৷
এই উপলক্ষে ডবকাৰ পুৰণা বজাৰত এখন সভা অনুষ্ঠিত কৰা হয়৷ডবকাৰ বিশিষ্ট শিক্ষাবিধ নাৰায়ন চন্দ্ৰ ভৌমিকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিভিন্ন জনে চিত্ৰশিল্পৰ ওপৰত আলোকপাঠ কৰে৷সভাখনত নগাওঁৰ বিশিষ্ট চিত্ৰ শিল্পী টিকেন্দ্ৰজিত শইকীয়াই এখন ছবি আকি নিজৰ কলা প্ৰদৰ্শন কৰে৷পাছত বন্তি প্ৰজ্বলন আৰু ফিটা কাটি প্ৰদৰ্শনী খন মুকলি কৰে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে৷
প্ৰদৰ্শনী খনত অসম প্ৰখ্যাত চিত্ৰশিল্পী প্ৰয়াত শশধৰ শইকীয়াই অংকণ কৰা ছবি, তেওঁৰ পুত্ৰই অংকণ কৰা ছবি আৰু তেওঁৰ নাতি জোনমনি বৰাই অংকিত ছবিসমূহ প্ৰদৰ্শন কৰা হয়৷তিনিটা জেনেৰেচনে অসমৰ চিত্ৰ কলাক এনেদৰে আগুৱাই লৈ যোৱাত সকলোৱে ভূয়সী প্ৰশংখা কৰে৷প্ৰদৰ্শনী খন সকলোৰে বাবে সদায় মুকলি থাকিব বুলি আয়োজকে জানিবলৈ দিছে ৷
লগতে পঢ়ক-খানাপাৰাত অঘটন : বিদ্যুতস্পৃষ্ট হ’ল দুজনকৈ যুৱক
আনহাতে বিধায়ক ৰামকৃষ্ণ ঘোষে সংবাদমাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে চিত্ৰ কলাৰ জৰিয়তে এখন অঞ্চলৰ সকলো সাহিত্য ,কলা সংস্কৃতি ডাঙি ধৰে৷ডবকাৰ এই প্ৰদৰ্শনী ৰ জৰিয়তে ডবকাৰ লগতে বৃহত্তৰ হোজাই অঞ্চলৰ সভ্যতা সংস্কৃতি শিল্পী সকলৰ শিল্প কৰ্মৰে প্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰে৷লগতে ডবকা বাসীক এই আৰ্ট গেলেৰীখনক আকোৱালী আহবানো জনায়৷