ডবকা থানাত ধনৰ লেনদেন ৷

ধনৰ লেনদেন কৰাৰ এটা ভিডিঅ ভাইৰেল ৷

হৰিকমল দাস নামৰ ASI জনে ধন লোৱাৰ দৃশ্য আহিছে পোহৰলৈ ৷

খমখমীয়া পাচশটকীয়া নোট লৈছে হৰিকমল দাসে ৷

গোপন কেমেৰাত বন্ধী হৈছে ধন লোৱাৰ দৃশ্য ৷
কিন্তু থানাৰ ভিতৰতে এয়া কিহৰ লেনদেন সেইয়া এতিয়াওঁ পোহৰলৈ অহা নাই ।

ভাইৰেল ভিডিঅটো কেতিয়াৰ সেই কথাটো এতিয়াওঁ পোহৰলৈ অহা নাই ৷

ভাইৰেল ভিডিঅটোৰ কঠোপকথন অনুসৰি কোনো এটা দুৰ্ঘটনাত ভুক্তভোগী পৰিয়ালে আৰক্ষী বিষয়াগৰাকীক মধ্যভোগীৰ জৰিয়তে দিছে ধন ৷

সমগ্ৰ বিষয়ৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে দল সংগঠনে ৷

উচিত তদন্ত হলেহে ফাদিল হব ঘটনাৰ আচল ৰহস্য ৷

লগতে পঢ়ক- সোণাৰিৰ ধাননি পথাৰত চমক সৃষ্টি কৰিছে এখন অত্যাধুনিক বাহনে

ডবকা আৰক্ষী থানাৰ ASI হৰিকমল দাসে থানাত মুকলি কৈ লোৱা ধনৰ ভাইৰেল ভিডিঅ সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই হোজাই জিলা আৰক্ষীত সৃষ্টি হৈছে তীব্ৰ ধুমুহাৰ ৷ হোজাই জিলা আৰক্ষী প্ৰশাসনৰ উচ্ছ পদস্থ বিষয়া সকল আহি ডবকা আৰক্ষী থানাত সমগ্ৰ বিষয়টোৰ ওপৰত আৰম্ভ কৰিছে তদন্ত ৷

ASI হৰিকমল দাস আৰু ধন দিয়া মিথুন চক্ৰৱৰ্তীক আটক কৰি সোধপোচ অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আজি দুয়োকে সংবাদ মাধ্যমৰ পৰা আতৰাই কোনো অজ্ঞাত স্থানত মাৰাথান জেৰা অৱ্যাহত ৰাখিছে ৷ সমগ্ৰ বিষয়টোৰ নিজাববীয়াকৈ তদন্ত কৰি আছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্তই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply