পল্লব মিলি, লখিমপুৰঃ দেউৰী স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনৰ লখিমপুৰৰ ৭টা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি, ২০ নং বঙালমৰা সমষ্টিত BJPৰ প্ৰাৰ্থী প্ৰফুল্ল দেউৰী ১৫৪ টা ভোটৰ ব্যৱধানত বিজয়ী।
ইফালে, ২১ নং গাভৰু টুনীজান সমষ্টিৰ JPP ৰ মুৰব্বী মহেশ দেউৰী BJP ৰ প্ৰাৰ্থী ৰমা দেউৰীৰ হাতত ২৬ টা ভোটত পৰাস্ত। ১৮ নং পিচলা সমষ্টি JPP ৰ ৰিংকুমনি দেউৰী বিজয়ী হৈছে।
আনহাতে, ১৭ নং কাচিকটা সমষ্টিত JPP বীৰেণ দেউৰী ৯৪ টা ভোটৰ ব্যৱধানত বিজয়ী আৰু ১৬ নং বাহগড়া সমষ্টিত AGP ৰ প্ৰাৰ্থী নন্দিতা দেউৰী ১৩৯ টা ভোটৰ ব্যৱধানত বিজয়ী হোৱা বুলি জানিব পৰা গৈছে।
তদুপৰি, ১৯ নং কিনাপথাৰ সমষ্টিত JPP প্ৰাৰ্থী বিজুমনি দেউৰী জয়ী হোৱাৰ লগতে ১৫ নং বৰদেউৰী সমষ্টিত BJP ৰ অমৃতপ্ৰভা দেউৰী ১৫৬ টা ভোটৰ ব্যৱধানত বিজয়ী।