নিউজ ডেস্ক : ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰত এজন ডকাইতৰ মৃত্যু হয়। বুধবাৰে দৰঙৰ খাৰুপেটীয়াত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা সময়ত হোৱা এনকাউণ্টাৰত এজন ডকাইতৰ মৃত্যু হয় বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
বহু কেইটা গোচৰত অভিযুক্ত নিহত ডকাইতজনে এগৰাকী আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰা সময়ত আৰক্ষীয়ে গুলীচালনা কৰাত তেওঁৰ মৃত্য হোৱা বুলি আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জনায়।
নিহত ডকাইতজন ২০১৪ চনত সংঘটিত অধিবক্তা তথা মঙলদৈ চেম্বাৰ অৱ কৰ্মাচৰ সভাপতি বিনয় কুমাৰ ঘোষ (৮৫)ৰ হত্যাকাণ্ডত জড়িত আছিল বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে যোৱা ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা এই পৰ্য্যন্ত অসমত ১৭ জন লোকে আৰক্ষীৰ এনকাউণ্টাৰত প্ৰাণ হেৰোৱাইছে।
অসমত শেহতীয়াভাৱে চলা আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত অসম মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ বিষয়টোত হস্তক্ষেপ কৰি কি কাৰণত আৰক্ষীৰ এনকাউণ্টাৰত এই লোকসকলৰ মৃত্যু হৈছে তাৰ তদন্ত কৰিবলৈ যোৱা ৭ জুলাইত অসম চৰকাৰক কৈছিল।
ইয়াৰ পূৰ্বে নতুন দিল্লীস্থিত অসমৰ আৰিফ জাদেৰ নামৰ এগৰাকী অধিবক্তাই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত অসমত আৰক্ষীয়ে চলোৱা ধাৰাবাহিক এনকাউণ্টাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।
লগতে পঢ়ক : বৰঝাৰ বিমান বন্দৰৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰতিবাদকাৰী সকলক আটক