দুগ্ধ বিপণী মুকলি

নাজিৰাঃ কেইবাবছৰো ধৰি নাজিৰাত পশু চিকিৎসক জগদীশ বৰ্মনৰ নেতৃত্বত চলি আহিছে দুগ্ধ উৎপাদন,কণী উৎপাদন,কুকুৰা পালনৰ এক বৃহৎ উদ্যোগ।

সাম্প্ৰতিক কৰ’ণাসৃষ্ট সংকট কালত পশু পালক তথা কৃষক সকলক কিছু সকাহ দিয়াৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্রীসমূহৰ বিক্ৰীৰ সুবিধাৰ বাবে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে নাজিৰাৰ পশু চিকিৎসক জগদীশ বৰ্মনে।

নাজিৰা এম চি ক্লাবৰ সমীপৰ নাজিৰা পৌৰসভাৰ অধীনস্থ “লঘু বজাৰ চৌহদ”ত এখন “দুগ্ধ বিপণী” মুকলি কৰা হয়।

এই দুগ্ধ বিপণীত উৎকৃষ্ট মানদণ্ডৰ দুগ্ধ তথা দুগ্ধজাত সামগ্রীৰ লগতে ঘৰুৱা থলুৱা বিভিন্ন খাদ্য পুষ্টিকৰ সামগ্ৰী গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply