নিউজ ডেস্ক : ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ আৰ্থিকভাৱে পিছপৰা এটি পৰিয়ালৰ ডালিমী সোণোৱালে সদ্য ঘোষিত জে ই ই মেইনছ আৰু জে ই ই এডভান্সড পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে।
ছাত্ৰী গৰাকীয়ে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা আয়োজিত ১ বছৰীয়া ছুপাৰ ৩০ কোচিং ক্লাছ গ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে অইল ইণ্ডিয়াই অসমৰ ৪ টা ছুপাৰ ৩০ কেম্পাছক স্পনছৰ কৰে, ইয়াৰে দিম্পী সোণোৱালে নগাঁও কেম্পাছত কোচিং গ্ৰহণ কৰিছিল। অসমৰ উপৰি অইলে অৰুণাচল প্ৰদেশত এটা আৰু যোধপুৰত ১ ছুপাৰ ৩০ কেম্পাছক স্পনছৰ আগবঢ়ায়।
অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে এইবাৰ অইলৰ ছুপাৰ ৩০-ৰ ১০৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জে ই ই মেইনছ আৰু জে ই ই এডভান্সড ক্ৰেক কৰিছে, ইয়াৰে ৭৯ গৰাকী ছাত্ৰ-ছাত্ৰী অসমৰ।
লগতে পঢ়ক – অসমৰ জলপৰী আস্থা চৌধুৰীৰ অভিলেখ