তামুলপুৰ : তামুলপুৰৰ মটঙা নৈৰ কোৱাল সোঁতৰ মাজেদি বিপদসংকুল যাত্ৰা ৰাইজৰ। বাইকৰ ওপৰত মানুহ নহয় মানুহৰ ওপৰত উঠিছে বাইক। কেমেৰাত বন্দী হ’ল মটঙা নৈৰ বুকুয়েদী ৰাইজৰ যাতায়তৰ শিহৰণকাৰী কেইবাটাও দৃশ্য। সামান্য ভুল মানেই হ’ব পাৰে ভয়ংকৰ অঘটন।

তামুলপুৰৰ মটঙা নৈৰ ওপৰেদি ৰাইজৰ বিপদসংকুল যাত্ৰা। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা আজিলৈ বৃহত্তৰ তামুলপুৰ আৰু কাউলীবাসী ৰাইজে এইদৰে অতি বিপদসংকুলভাৱে অব্যাহত ৰাখিছে যাতায়ত। তামুলপুৰৰ নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ মাজত থকা মটঙা নৈৰ ওপৰত আজিলৈ এখন পকী দলং নিৰ্মাণ নোহোৱাত বিগত বহু বছৰ ধৰি ৰাইজে এইদৰে অব্যাহত ৰাখিছে যাতায়ত।

ভুটানৰ পৰা বৈ অহা খৰস্ৰোতা মটঙা নৈৰ বাঢ়নী পানীয়ে এইবাৰো ধাৰণ কৰিছে কালৰূপ আৰু এই নৈৰ বুকুৱেদি নিজৰ জীৱনক বিপদত পৰিলেই যাতায়ত কৰিছে বহুজন। ইতিমধ্যে নৈৰ বুকুয়েদী বিপদসংকুল যাতায়ত কৰি মৃত্যু আঁকোৱালি ল’ব লগা হৈছে বহু পুৰুষ-মহিলা-শিশু। এককাল পানী ভাঙি নৈ পাৰ হয় মহিলা-শিশুও। কান্ধত দুচকীয়া বাহন আৰু চাইকেল উঠাই নৈ পাৰ কৰে বহু লোকে।

লগতে পঢ়ক : বছৰটোৰ প্ৰথমটো বানত ৰাজ্যৰ প্ৰায় ৩২,০০০ লোক ক্ষতিগ্ৰস্ত

অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি চৰকাৰক এখন দলংৰ বাবে আবেদন কৰি আহিছে যদিও কোনো ধৰণৰ ফল পোৱা নাই অঞ্চলবাসীয়ে। নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলৰ নেতা সকলে দলং নিৰ্মাণৰ নামত ভোট আদায় কৰি লয় যদিও পিছত সকলো পাহৰি যোৱাৰ অভিযোগ অঞ্চলবাসীৰ। যোৱাবাৰ অঞ্চলটোৰ কেইজনমান যুৱকে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰায় লক্ষাধিক টকা ব্যয় সাপেক্ষে এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিল যদিও নৈৰ পানীয়ে উটুৱাই নিয়ে বাঁহৰ দলংখন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply