মঙলদৈঃ মঙলদৈ চহৰৰ সোঁমাজত অৱস্থিত দৰং জিলাৰ জিলা পুথিভঁৰালটো এতিয়া মৃত্যুৰ মুখলৈ গতি কৰিছে। চৰকাৰৰ অৱহেলা, কাৰ্য্যালয় কৰ্মচাৰী সকলৰ অদূৰদৰ্শিতাৰ বাবে দিনে দিনে পঢ়ুৱৈ সংখ্যায়ো কমি আহিছে। পূৰ্বে গ্ৰন্থ অধ্যয়নৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকসকল অহাৰ লগতে ছাত্ৰ-ছাত্ৰীৰে পৰিপূৰ্ণ হৈ থকা পুথিভঁৰালটিত এতিয়া নাই পঢ়ুৱৈ। আনকি পূৰ্বে ৬ খন দৈনিক বাতৰি কাকত থকা পুথিভঁৰালটিত এতিয়া নাই এখনো দৈনিক কাকতো। পূৰ্বে বহু লোকে দৈনিক কাকতখন চাবলৈ হ’লেও পুথিভঁৰালটোলৈ আহিছিল। সম্পত্তি পুথিভঁৰালটিত আছে সাতজন কৰ্মচাৰী। জিলা গ্ৰন্থগাৰিকৰ পদটো এবছৰে খালী হৈ থকাত শোণিতপুৰ জিলাৰ গ্ৰন্থগাৰিক জয়শ্ৰী দেৱীক অতিৰিক্ত দায়িত্বত থাকি মঙলদৈৰো কাম চলাই আছে যদিও তেওঁৰ কোনো আগ্ৰহ বা দায়িত্ববোধ নথকাৰ বাবে তেনেকৈয়ে জাতীয় মনোভাবেৰে দায়িত্ব কৰি আছে।

আনহাতে সহকাৰী জিলা গ্ৰন্থগাৰিক সোমনাথ ভট্টাচাৰ্য দৈনিক জিলা সদৰৰ বাহিৰৰ পৰা অৰ্থাৎ গুৱাহাটীৰ পৰা অহা- -যোৱা কৰাৰ বাবে সময়মতে কাৰ্য্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপিত হৈছে। বাৰ মান বজাত পুথিভঁৰাললৈ আহি এক ডেৰ বজাত গুৱাহাটীলৈ উভতি যায় সোমনাথ ভট্টাচাৰ্য। পুথিভঁৰালটিৰ উচ্চ বৰ্গৰ সহায়ত লক্ষ্যহীৰা দেৱীয়ে সকলো সম্ভালী আছে যদিও তেওঁ কোনোদিনে সময়মতে কাৰ্য্যালয়ত নাথাকে। তাৰোপৰি কাৰিকৰী সহায়ত, দীপক দাস, কাউন্টাৰ সহায়ক দিলু প্ৰসাদ দাস আৰু মানস শৰ্মা, কাৰ্য্যালয়ত থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মুকুন্দ শৰ্মা কাম নথকাৰ অজুহাতত কাৰ্য্যালয়ত নিয়মীয়াকৈ নাহে। অভিযোগ অনুসৰি মঙলদৈ জিলা পুথিভঁৰাল বৰ্তমানৰ বিষয়া কৰ্মচাৰী সকলৰ অদক্ষতা, অৱহেলা, পঢ়ুৱৈ আৰু ছাত্র ছাত্ৰীক কৰা দুৰ্ব্যৱহাৰ আদিৰ বাবেই কমি আহিছে পঢ়ুৱৈৰ সংখ্যা।

আনকি আজিৰ তাৰিখত পুথিভঁৰাল গ্ৰাহকৰ বাবে ৰাখিব লগা পৰিচয় পত্ৰৰ ফৰ্ম এখনো নাই বিষয়া সকলৰ লগত। আনহাতে কিতাপ ৰখা আলমাৰী, পঢ়ুৱৈ বহা টেবুল-চকী ধুলিময় হৈ পৰিছে। এইসমূহ কৰ্মচাৰীয়ে কোনো দিনে চাফ চিকুণ নকৰে। শিশুৰ বাবে থকা কোঠাটো মকৰা জাল, ধূলিৰে আবৰি আছে। যদিও ডিজিটেল বা ছ’চিয়েল মিডিয়াৰ যুগত গ্ৰন্থ অধ্যয়ন কমি অহা বুলি অভিযোগ থকা সাহিত্য সংস্কৃতিত আগবঢ়া মঙলদৈ চহৰত নতুনকৈ বহুকেইটা পুথিভঁৰাল স্হাপনহে হৈছে। জিলা সাহিত্য সভা, মঙলদৈ মহাবিদ্যালয়, মঙলদৈ প্ৰেছ ক্লাব, বিভিন্ন গাম্য ক্লাবত স্হাপিত পুথিভঁৰালত ৰাইজে নিয়মীয়াকৈ গৈ গ্ৰন্থৰ সুৱাস লোৱা দেখা গৈছে। ইয়াৰ বিপৰীতে ৭ জন চৰকাৰী কৰ্মচাৰী থকা গৰিমা মণ্ডিত মঙলদৈ জিলা পুথিভঁৰাল মৃত্যুমুখী যাত্ৰাত জাঙুৰ খাই উঠিছে দৰংবাসী।

আজি দৰং জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা কেন্দ্ৰীয় সমিতিৰ বিত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশীয়ে হোমেন বৰগোহাঞি দেৱৰ এখন গ্ৰন্থৰ অধ্যয়নৰ বাবে দুজন ছাত্ৰক পুথিভঁৰালটিলৈ পঠাইছিল যদিও পুথিভঁৰালৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে বেয়া বেয়া ব্যৱহাৰ কৰি উভতাই পঠোৱাত আছু ক্ষোভিত হৈ পৰিছে। আছুৰ উপদেষ্টা জনে পঢ়ুৱৈ সকলৰ প্ৰতি দায়বদ্ধহীন মঙলদৈ জিলা পুথিভঁৰালৰ সকলো বিষয়া কৰ্মচাৰীকে শীঘ্ৰে আন জিলালৈ বদলি কৰি দক্ষ আৰু দায়বদ্ধ কৰ্মচাৰীত নিযুক্তি দিবলৈ দাবী জনায়। আনহাতে কৰ্মক্ষেত্ৰত চূড়ান্ত অৱহেলা, সময়মতে কাৰ্য্যালয়ত উপস্থিত নথকা একাংশ কৰ্মচাৰী দৰং জিলা সাহিত্য সভা, মঙলদৈ নাগৰিক মঞ্চ, মঙলদৈ প্ৰেছ ক্লাব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি দল সংগঠনে চৰকাৰ তথা জিলা প্ৰশাসনক কৰ্মচাৰী সকলক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মঙলদৈ নাগৰিক মঞ্চৰ সভাপতি হৰেণ বনিয়াই কয় যে জিলা পুথিভঁৰালটি মঙলদৈবাসীৰ এটি গৰিমামণ্ডিত অনুস্হান। পূৰ্বে নিজৰ সন্তানক নি পুথিভঁৰালটি দেখুৱাই , কিতাপ সমূহ দেখুৱাই বহু অভিভাৱকে আনন্দ পাইছিল। আজি জহি খহি যোৱাৰ বাবে দায়ী বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতে যুৱ ছাত্র পৰিষদৰ উপ সভাপতি ভৱেশ কাকতিয়ে জিলা পুথিভঁৰালটি কেৱল সভা সমিতি পতা অনুষ্ঠান বা ৰং ৰহৈচ কৰা ক্লাব নকৰি গ্ৰন্থ অধ্যয়ন কৰা এক পৰিবেশ সৃষ্টিৰ ব্যবস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply