মঙলদৈঃ দৰং আৰক্ষীয়ে বিশেষ অভিযান চলাই আলফাৰ নামত ধনদাবীৰে জড়িত ৩ যুৱকক কৰায়ত্ব কৰিছে। মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ নেতৃত্বতআৰক্ষীৰ দলটোৱে প্ৰথমে মঙলদৈ কৰিমচ’কত অভিযান চলাই জোনজ্যোতি বনিয়া নামৰ যুৱকজনক কৰায়ত্ব কৰে।

লগে লগে দলটোৱে বনিয়াক লগত লৈ আউলাচৌকাৰ সমীপৱৰ্তী কালিয়াপাৰাত অভিযান চলাই আজাদ আলি নামৰ আন এজনক কৰায়ত্ব কৰে।

কৰায়ত্ব ২ জনক লৈ আৰক্ষীৰ দলটোৱে পাথৰিঘাটত অভিযান চলাই চাহেব আলি নামৰ তৃতীয় অভিযুক্তটোক কৰায়ত্ব কৰে ।

লগতে পঢ়কঃসাৱধান হওক! আপুনি ডাক যোগে পাৰ্চেল কৰা বস্তু আধা বাটতে হ’ব পাৰে সলনি

যুৱক কেইজনে এগৰাকী শিক্ষকক আলফাৰ নামত ধনদাবী কৰিছিল। ভুৱা আলফা কেইটাৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাৰ নেতৃত্বত নগৰীয়া শাখাৰ উপ-পৰিদৰ্শক ডান্টেজিৎ দেউৰী, উপ-পৰিদৰ্শক কৃষ্ণকান্ত লস্কৰ সহ উপ-পৰিদৰ্শক নীৰজ আলম চৌধুৰী লগতে আৰক্ষীৰ এটা দলে প্ৰায় ৫ ঘন্টাজোৰা ৰুদ্ধশ্বাস অভিযান চলোৱাৰ পাছত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply