মঙলদৈঃ মঙলদৈ পতালছিংপাৰাৰ অতুল শৰ্মাৰ মৃত্যুত যি অনাকাংশিত পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেই পৰিস্থিতি সাম কটোৱাৰ উদ্দেশ্যে দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত মঙ্গলবাৰে জিলা প্ৰশাসনৰ উদ্যোগত গণক সমাজ আৰু কোঁচ ৰাজবংশী দল সংগঠনৰ মাজত অনুষ্ঠিত হয় এক সৌহাদ্য পূৰ্ণ আলোচনা।

জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত হোৱা আলোচনাত দুয়োখন সমাজে হাত মিলাই সকলো মান অভিমান পৰিহাৰ কৰে। আলোচনাত কোঁচ-ৰাজবংশী সমাজক ৰাজহুৱাকৈ ক্ষমা খুজিলে পতালছিংপাৰা গণক সমাজে। 

মৃতকৰ শ্ৰদ্ধাৰ সকলো কাম কাজত গণক সমাজে সহযোগ কৰাৰ লগতে পৰিয়ালটোক নিৰাপত্তা প্ৰদানৰো আশ্বাস দিয়ে গণক সমাজে।

আনহাতে এই দুৰ্ভাগ্যজনক ঘটনা যাতে পুনৰাই নহয় আৰু ভুক্তভোগী পৰিয়ালটোক ৰাইজে আঁকোৱালি লৈ যাতে ভৱিষ্যৎ নিৰাপত্তাৰ দায়িত্ব লয় তাৰ আহ্বান জনালে প্ৰশাসনে। সভাত জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে উপস্থিত থাকে পতালচিংপাৰা গণক সমাজ, কোচ ৰাজবংশী সন্মিলনী আৰু আক্ৰাছু প্ৰতিনিধি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply