ছিপাঝাৰঃ দৰঙৰ পিপৰাদোকানৰ বৰ আঠীয়াবাৰী গাওঁৰ এগৰাকী ব্যক্তিৰ কৰুণ গাঁথা।
দৰিদ্ৰতাৰ বাবে উন্নত চিকিৎসা কৰিব নোৱাৰাৰ ফলত এতিয়া এখন হাত সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে ।
ব্যক্তিজনৰ নাম হৈছে কিশোৰ কটকী। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা কিশোৰে গধূলি স্থানীয় বজাৰত বিক্ৰী কৰিছিল ঘৰৰে শাক পাচলি।
কিছুদিন পূৰ্বে বজাৰলৈ বুলি ঢেঁকীয়া ছিঙিব যাওঁতে হাতত এটা অচিন পোকে কামুৰিছিল । তাৰপিছতে লাহে লাহে কিশোৰৰ এখন হাত পচি যায় ।
হাত খন এফালৰ পৰা পঁচি যোৱাৰ পিছতো কিন্তু যুৱক জনে উন্নত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই ।ধনৰ অভাৱৰ বাবেই যুৱকজনে কৰিব পৰা নাই উন্নত চিকিৎসা।
স্থানীয় আঠীয়াবাৰী মুক্তিদায়িনী সংঘৰ লোকসকলে এই দুৰ্ভগীয়া কিশোৰৰ হৈ ধন সংগ্ৰহ কৰিছে যদিও সেইয়া চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয়।
আৰু পঢ়কঃমাজুলীৰ মিনি সচিবালয়ৰ নিৰ্মাণৰত অৱস্থাতে দেৱালত মেলিছে বৃহৎ ফাট
তিনিজনীয়া পৰিয়ালটোৰ একমাত্ৰ উৰ্পাজনকাৰী কিশোৰৰ এই দুৰৱস্থাৰ পিছত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।
দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, বিধায়কৰ লগতে সুহৃদ ব্যক্তিৰ পৰা বিচাৰিছে অকণমান সঁহাৰি ।
কোনো লোকে কিশোৰৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বিচাৰিলে Account no. 7064010021890
IFSC. PUBNORRBSGBত সহায় আগবঢ়াব পাৰে। লগতে এই Mobile no 7086623326 যোগে ফোন কৰিও যোগাযোগ কৰিব পাৰে।