প্ৰবীণ বৰুৱা, মঙলদৈঃ সমগ্ৰ দৰং জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে। জিলা তথ্য আৰু জনসংযোগ বিভাগলৈ জিলা প্ৰশাসনে পঠোৱা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি জিলা খনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা, ধৰ্ণা অনুষ্ঠিত কৰা বা পথ অৱৰোধ কৰা; ৰাজহুৱা স্থানত বা বাছত মাস্ক ব্যৱহাৰ নকৰাকৈ চলণ-ফুৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

লগতে উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত অনাৱশ্যকীয় সমাগম বা ধৰ্ণা অনুষ্ঠিত কৰা; ৫ জন বা ততোধিক ব্যক্তি কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত বা ৰাষ্ট্ৰীয় ঘাইপথত সমাগম হোৱা; সাম্প্ৰদায়িক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা শোভাযাত্ৰা, সভা, প্ৰতিবাদী সভা, ধৰ্ণা, ৰেলী অনুষ্ঠিত কৰা; ৫০ মাইক্ৰোণতকৈ পাতল আকাৰৰ প্লাষ্টিকৰ বেগ, পেকেজিং ইত্যাদিৰ ব্যৱহাৰৰ লগতে বলপূৰ্বকভাৱে পথৰ দাঁতিত বা কোনো ব্যক্তি,

ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিত কোনো ব্যক্তি বা সংগঠনৰ দ্বাৰা ধন সংগ্ৰহ; গুটখা, পান মচলা বা যিকোনো ধপাতযুক্ত সামগ্ৰীৰ উৎপাদন, মজুতকৰণ, সৰবৰাহ, প্ৰদৰ্শন, বিতৰণ বা বিক্ৰী ; কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা সভা,ৰেলী, প্ৰদৰ্শন অনুষ্ঠিত কৰা ; ৰাজহুৱা স্থানত ব্যক্তি বা দলৰ দ্বাৰা মাৰণাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ-শস্ত্ৰ, ধনু-কাড়, ডেগাৰ-তৰোৱাল, ত্ৰিশূল আদি লৈ ফুৰা আৰু প্ৰদৰ্শন কৰা; কৰ্তৃপক্ষৰ অনুমতি অবিহনে মাইকৰ ব্যৱহাৰ কৰা ; কোনো ব্যক্তি বা কাৰ্যালয়ৰ প্ৰাঙ্গন, গুদাম ঘেৰাও কৰা; চৰকাৰী গৃহ, বেৰত পোষ্টাৰ লিখনত আৰোপ কৰা হৈছে নিষেধাজ্ঞা।

ইয়াৰ উপৰিও অসামৰিকলোকে সামৰিক পোছাক পৰিধানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব। এই নিষেধাজ্ঞা অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব জিলাখনত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply