প্ৰবীণ বৰুৱা, মঙলদৈঃ আজাদী কা অমৃত মহোৎসৱ আৰু মোডী চৰকাৰৰ ৮ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বৃহস্পতিবাৰে জিলা পুথিভঁৰাল পেক্ষাগৃহত দৰং জিলাৰ ৭৫০ জন হিতাধিকাৰীলৈ বিভিন্ন আঁচনিৰ অনুদান প্ৰদান কৰিল কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

আনহাতে, দেশখনত ১১৭ খন পিছপৰা জিলা হিচাপে চিহ্নিত। অসমৰ ৭খন পিছপৰা জিলাৰ ভিতৰত দৰং জিলা অন্যতম।

এই ক্ষেত্রত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৮ বছৰীয়া কাৰ্য্যকালৰ অন্তত মঙলদৈত মন্ত্ৰী গৰাকীয়ে বিভিন্ন চৰকাৰী আঁচনি হিতাধিকাৰীক প্ৰদান কৰি জিলাখনৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন পৰ্য্যটনৰ বাবে আকৰ্ষণীয় ৰূপত গঢ়ি তুলিব বুলি জানিব দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply