মঙলদৈঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাই এক প্ৰেছ বিজ্ঞপ্তিযোগে গৰুখুটি, কুৰুৱা-ফুহুৰাতলিৰ ৭৭৪২০ বিঘা চৰকাৰী ভূমিত অসম চৰকাৰে কৃষি প্ৰকল্প আৰম্ভণি কৰা কাৰ্যক দৰং আছুই আদৰণি জনাইছে। লগতে এই প্ৰেছ বিজ্ঞপ্তিত ছাত্ৰ সন্থাই লিখিছে যে- বৃহৎ পৰিমাণৰ মাটিডৰাৰ পৰা অবৈধ বেদখলকাৰিক উচ্ছেদৰ দাবীত দৰং আছুই বিগত দুটা দশক ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছিলো। কৃষি প্ৰকল্প মুকলি কৰা সময়ত সমগ্ৰ ভূমিখিনি উচ্ছেদ হ’ব বুলি আমাৰ লগতে দৰং জিলা বাসীৱেও আশা কৰিছিল। কিন্তু চৰকাৰে অবৈধ বেদখলকাৰীৰ ওচৰত আঁঠু ল’লে। চৰকাৰখনে খিলঞ্জীয়াৰ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কয়, আনহাতে তেখেতসকলে অবৈধ বেদখলকাৰীক দৰদ দেখুৱাই ১ বিঘাকৈ মাটিৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে।

‘যি সময়ত জিলাখনত খিলঞ্জীয়া মানুহে বসবাস কৰিবৰ বাবে ১ কঠা ৫ লেচা মাটি বিচাৰি ৰাজহ বিভাগৰ কাৰ্যালয়ত তাত-বাটি কাঢ়ি আছে, সেই ক্ষেত্ৰত চৰকাৰ উদাসীন হৈ আছে। তেওঁলোকে খিলঞ্জীয়াৰ পৰিবৰ্তে কাৰ্যক্ষেত্ৰত পমুৱা মুছলমান যিসকল অবৈধ বেদখলকাৰী সেই সকলকহে ৰঙাদলিচা পাৰি আদৰণি জনাইছে’ বুলি উল্লেখ কৰি লগতে প্ৰেছ বিজ্ঞপ্তিত আছুই প্ৰকাশ কৰে যে- আমি কোনো কাৰণতে গৰুখুটিৰ অবৈধ ভূমি বেদখলকাৰীক চৰকাৰীভাৱে সংস্থাপন কৰা কাৰ্যক বিৰোধিতা কৰিছো। এই কাৰ্য অনতিপলমে বন্ধ কৰিবলৈ গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু জিলা প্ৰশাসনক দাবী জনালো।

একেটা বিবৃতিত আছুৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী আৰু কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই কয় যে- চৰকাৰী ভূমি বেদখলকাৰীক উচ্ছেদৰ নাটক কৰি পুনৰ ১ বিঘাকৈ মাটি প্ৰদান কৰি বেদখলকাৰীক উৎসাহ দিছে। উচ্ছেদৰ নামত এনেকুৱা নাটক বন্ধ কৰি চৰকাৰে খিলিঞ্জীয়া জনসাধাৰণৰ পক্ষত থিয় দিয়ক লগতে ৭৭৪২০ বিঘা বেদখলি মাটি সম্পূৰ্ণ ৰূপে উচ্ছেদ কৰিবলৈ দাবী জনালো। অন্যথা পুনৰ তীব্ৰ আন্দোলনৰ মুখামুখি হ’বলৈ সাজু থাকক চৰকাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply