মঙলদৈঃ দৰং জিলা যুৱ ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত এক ধৰ্ণা কাৰ্যসূচী ৰূূপায়ন কৰে। প্ৰাপ্ত খবৰ মতে, ২০২০চনতে মঙলদৈ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল মোস্তাফা আলী নামৰ ব্যক্তিজনে। কিন্তু অভিযোগ মতে, অৱসৰ গ্ৰহণৰ পাছতো জলসিঞ্চন বিভাগৰ চৰকাৰী আবাসগৃহ বেদখল কৰি নিজে বসবাস কি আহিছে আলীয়ে।
ইফালে, এই চৰকাৰী আৱাস গৃহটো নিজৰ নামত নামজাৰী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আলীৰ বিৰুদ্ধে। দৰং জিলা যুৱ ছাত্ৰ পৰিষদে বহুবাৰ এই চৰকাৰী ভূমি ও আৱাস গৃহ বেদখল মুক্ত কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়ত এনেদৰে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।
আনহাতে, মোস্তাফা আলী নামৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীজনে এই আৱাস গৃহ বেদখল কৰাৰ বাবে জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ সহায়ক গৰাকীয়ে দৰঙৰ উপায়ুক্তক বহুবাৰ লিখিত ভাবে এই অভিযোগ দাখিল কৰিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।