প্ৰবীণ বৰুৱা, মঙলদৈ: দৰং জিলাৰ সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সমূখত বৃহস্পতিবাৰে পাঁচ শতাধিক অংগনৱাড়ী কৰ্মীয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

অসম চৰকাৰ হায় হায়,অসম চৰকাৰ মূৰ্দাবাদ, আমাৰ প্ৰাপ্য আদায় দিয়ক, ভাল ওজন জোখা মেচিন দিয়ক আদি ধ্বনিৰে কাৰ্যালয়ৰ সমূখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে, অংগনবাড়ী কেন্দ্ৰ সমূহত দিয়া মোবাইল আৰু ওজন জোখা মেচিন সমূহৰ বাবে কাম কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰে অংগনবাড়ী কৰ্মী সকলে সাংবাদিৰ আগত।

আনহাতে, মাননিৰ সলনি মজুৰি দিয়া, পেঞ্চন প্ৰদান কৰা আদি দাবী সমূহো উত্থাপন কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply