মঙলদৈঃ দৰঙত শিশু খাদ্যৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দৰং জিলাৰ পূৱ মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়তে পৰি ৰ’ল শিশু খাদ্য। যোগানধাৰীৰ পৰা চমজি নল’লে অংগনৱাদী কৰ্মী সকলে। যি সময়ত বিজেপি চৰকাৰে ছিণ্ডিকেট বন্ধ কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়তে দৰঙৰ সমাজ কল‍্যান বিভাগত শিশু খাদ্যৰ নামত এক বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, পূৱ মঙলদৈ সংহত শিশু উন্নয়ন বিষয়াৰ কাৰ্য্যালয়তে পৰি থাকিল শিশুৰ নামত অহা খাদ্য। দৰং জিলাত প্ৰথমবাৰৰ বাবে অংগনৱাড়ী কেন্দ্ৰ সমূহলৈ ঠিকাদাৰৰ জৰিয়তে যোগান ধৰিছিল শিশুৰ খাদ্য। তেনে সময়তে যোগানধাৰীয়ে একেবাৰে নিম্নমানৰ খাদ্য যোগান ধৰাত অংগনৱাড়ী সহায়িকা কৰ্মী সকলে চমজি নল’লে খাদ্য সামগ্ৰীবোৰ। ফলত তেনেদৰেই পৰি থাকিল পূৱ মঙলদৈ সংহত শিশু উন্নয়ন বিষয়াৰ কাৰ্য্যলয়তে সামগ্ৰী সমূহ। এই লৈ জাঙুৰ খাই উঠিছে অংগনৱাড়ী কৰ্মী সকলৰ লগতে জিলাখনৰ দল-সংগঠন।

ইফালে, অসম যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক উপ সভাপতি ভৱেশ কাকতি কয়- ”জানিব পৰা মতে, প্ৰত্যেক বছৰে অংগনবাড়ীত যিসকল শিশু পঢ়িবলৈ আহে , সেই সকল শিশুৰ খাদ্যৰ নামত চৰকাৰে কিছুপৰিমানৰ ধন দিয়ে। সেই মৰ্মে অংগনবাড়ী কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে বজাৰৰ পৰা খাদ্য বস্তু ক্ৰয় কৰি শিশুসকলক ৰান্ধি খোৱায়। কিন্তু এইবাৰ আমি জানিব পাৰিছো যে অংগনবাড়ী কেন্দ্ৰৰ নামত যি ধন আহিছে, সেই ধনেৰে অংগনবাড়ী কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে কোনো ধৰণৰ খাদ্য বস্তু ক্ৰয় কৰিবলৈ নিদি, দৰং জিলা উপায়ুক্ত, পূব মঙলদৈ আইচিডিএছৰ চিডিপিঅ’ই কোনোবা বিশেষ ব্যক্তিক দিছে। যিটো নীতিবহিৰ্ভূত। কাৰণ কোনো ধৰণৰ টেণ্ডাৰ নোহোৱাকৈ তেওঁ কোনো বস্তু ক্ৰয় কৰিব নোৱাৰে। অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ নাম যি ধন আছে, সেই ধন চেকৰ জৰিয়তে আকৌ ডিচি বা চিডিপিঅ’ক জমা দিব লাগিব। তেওঁলোকে সেই পইচাটো মধ্যভোগীৰ জৰিয়তে খৰচ কৰিব। অৰ্থাৎ কমিছনৰ এটা অংক চলি আছে। আৰু ইয়াৰ এক ন্যায়িক তদন্ত হ’ব লাগে। এই ছিণ্ডিকেটত দৰং জিলাৰ উপায়ুক্ত আৰু চিডিপিঅ’ ইয়াত জড়িত হৈ আছে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply