মঙলদৈঃ দৰং জিলা মহিলা সমিতি আৰু মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ যুটীয়া উদ্যোগত শনিবাৰে দৰঙৰ অগ্ৰণী জাতীয়তাবাদী ভাৱধাৰাৰ নেত্ৰী ৰাণী দেৱীৰ লগত এক অন্তৰঙ্গ আলাপ অনুষ্ঠিত হয়। মঙলদৈ শান্তিপুৰস্থিত ৰাণী দেৱীৰ আগচোতালত দিনৰ ২.৩০ বজাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে/ যদিহে অকণো নাভাবে/ভাবিব কোনেনো কোৱা’ শীৰ্ষক গীতটি সমস্বৰে পৰিবেশন কৰি শুভাৰম্ভ কৰা হয় এই সভা।

এই সভাত ৰাণী দেৱীৰ লগতে সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট কবি ডাঃ দেৱকান্ত ৰামচিয়াৰীক ফুলাম গামোচা, জাপি, স্মাৰক, বস্ত্ৰ, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা পত্ৰ আদিৰে উদ্যোক্তাসকলে উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰোপৰি সদৌ দৰং ছাত্ৰ সন্থা, আন্তঃ মঙলদৈ ছাত্ৰ সন্থা, ৰেডক্ৰছ চচাইটি দৰং জিলা সমিতি, য়ুথ ক্লাব মঙলদৈ, অসম লেখিকা সমাৰোহৰ মঙলদৈ শাখা, অসম লেখিকা সংস্থাৰ মঙলদৈ শাখাকে ধৰি অৰ্ধশতাধিক দল সংগঠন আৰু ব্যক্তিয়ে মহিলা নেত্ৰী ৰাণী দেৱীক সম্বৰ্ধনা জ্ঞাপন কৰে।

বিশিষ্ট শিল্পী প্ৰাঞ্জল শৰ্মা আৰু মানুহে মানুহৰ বাবে—, দৰং, অসমৰ সম্পাদক গণেশ দত্তই আঁত ধৰা এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ইদ্ৰিছ আলীয়ে গীত, বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, কৌপাটী বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা কুঞ্জ দেৱীয়ে কবিতা, সাহিত্যিক পেঞ্চনাৰ ললিতা দেৱী, অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জ্যেষ্ঠ সাংবাদিক ভাৰ্গব কুমাৰ দাস, ৰাণী দেৱী পৰিয়ালৰ অমৰজিৎ শাণ্ডিল্য, ৰাজশ্ৰী শৰ্মা মিশ্ৰ, প্ৰণামী শাণ্ডিল্য, মানুহে মানুহৰ বাবে—, দৰং, অসমৰ সভাপতি আনোৱাৰ হুছেইনে চমু ভাষণ আগবঢ়ায়।

দৰং জিলা মহিলা সমিতিৰ শিল্পী সকলে সমবেত সংগীত, বিহু পৰিবেশন কৰি মুখৰিত কৰি তোলা পৰিবেশৰ মাজত মিৰণ দেৱী সম্পাদিত ‘তেজোদ্দীপ্ত নেত্ৰী শ্ৰীযুতা ৰাণী দেৱী’ শীৰ্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক ডাঃ দেৱকান্ত ৰামচিয়াৰীয়ে। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত তেওঁ কয়- ”চিকিৎসা বৃত্তিত জড়িত থকাৰ মাজতে সময় উলিয়াই মনৰ ভাৱবোৰ লিপিবদ্ধ কৰো।”

কোনো বঁটা বাহনৰ বাবে লিখা মেলা কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয়- এই বঁটাপ্ৰাপ্তিয়ে মোৰ দায়িত্ব বঢ়াইছে। তেওঁ লগতে জীৱিত কালতেই এজন ব্যক্তিৰ কৰ্মৰ মূল্যায়ন হোৱাটো এক ইতিবাচক দিশ বুলি উল্লেখ কৰি কয়- মহিলা নেত্ৰী ৰাণী দেৱীৰ গ্ৰন্থখনে বহুতক অনুপ্ৰাণিত কৰিব। উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকে প্ৰায় দুই শতাধিক লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply