দৰংঃ পৰকীয়া প্ৰেমে কিমান ভয়ংকৰ কৰি তুলিব পাৰে দাম্পত্য জীৱন। দৰঙত পৰকীয়া প্ৰেমৰ পৰিণতিতে এজন গৃহৰক্ষী জোৱানে নিজ পত্নীক হত্যাৰ চেষ্টা চলায়।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি দৰঙৰ পানবাৰী আৰক্ষী চকীৰ তুফাজ্জল মণ্ডলে নিজৰ পত্নীক চলাই আহিছে অমানুষিক অত্যাচাৰ।

পৰকীয়া প্ৰেমৰ বাবেই নিজৰ পত্নীক চাৰিবাৰকৈ কৰালে গৰ্ভপাত। অকল ইমানেই নহয় যৌতুক দাবী কৰিও পৰিয়ালৰ সহযোগত শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে গুপ্তাংগত আঘাত কৰে লম্পট গৃহৰক্ষী জোৱানজনে।

লগতে পঢ়কঃগান্ধী বস্তি আৰু খাৰঘুলীত মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

এইদৰে শাৰীৰিক-মানসিক অত্যাচাৰ কৰি বহুবাৰ হত্যাৰ চেষ্টা চলোৱা তুফাজ্জলৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাত 265/21 U/S 498/(A) 312/325/307/34IPC ধাৰাত গোচৰ ৰুজু কৰে যদিও ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া পত্নীয়ে।

নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰে ঢাক-ঢোল বজালেও, ন্যায় বিচাৰি দৰং আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘূৰিছে দুৰ্ভাগীয় পত্নীয়ে। তুফাজ্জল মণ্ডল গৃহৰক্ষী জোৱান হোৱা হেতুকে ন্যায়ৰ পৰা বঞ্চিত হ’ব নেকি দুৰ্ভগীয়া পত্নীগৰাকী এইলৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply