মঙলদৈঃ দৰং জিলাৰ মঙলদৈ সনাতন ধৰ্মসভা প্ৰাঙ্গণত শনিবাৰে ভাৰতীয় ৰেডক্ৰছ ছচাইটি দৰং জিলা শাখা আৰু স্বেচ্ছাসেৱী সংগঠন প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পালিয়েটিভ ট্ৰাষ্ট, ডিব্ৰুগড়ৰ উদ্যোগত কেঞ্চাৰ সজাগতা সভা অনুস্থিত কৰে।

ৰেডক্ৰছৰ জন্মদাতা জন হেনৰি ডোন্দানৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে দৰং জিলা আৰক্ষী অধীক্ষক ৰাজমোহন ৰয়ে।

কেঞ্চাৰ সজাগতা সভাৰ সভাপতিত্ব কৰা ভাৰতীয় ৰেডক্ৰছ ছচাইটি দৰং জিলা শাখাৰ উপাধ্যক্ষ গোবিন্দ উপাধ্যাইয়ে। আৰু অনুষ্ঠানটিৰ আঁত ধৰে ভাৰতীয় ৰেডক্ৰছ ছচাইটি দৰং জিলা শাখাৰ বিষয়ববীয়া জয়ন্ত শৰ্মাই।

উক্ত সজাগতা সভাত উপস্থিত থাকি কেঞ্চাৰ সজাগতাৰ ওপৰত বক্তব্য আগবঢ়াই দৰং জিলা উপায়ুক্ত তথা ভাৰতীয় ৰেডক্ৰছ ছচাইটি দৰং জিলা শাখাৰ সভাপতি প্ৰণৱ কুমাৰ শৰ্মা, দৰং জিলাৰ অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ পানেছাৰ সিং সুৰী, অসম আৰক্ষীৰ মহিলা আৰক্ষী সন্থাৰ বিষয়া স্বপ্নালী মহন্তৰ লগতে কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক, ভাৰতীয় ৰেডক্ৰছ চোচাইটি দৰং জিলা শাখাৰ কেইবাগৰাকীও বিষয়ববীয়া, স্বেচ্ছাসেৱী সংগঠন প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পালিয়েটিভ ট্ৰাষ্টৰ বিষয়ববীয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply