মঙলদৈঃ দৰঙত Cyber Crimeৰ এক বৃহৎ কেলেংকাৰী। মঙলদৈস্থ কানাড়া বেংক শাখাত ৬৫ লাখ টকাৰ সন্দেহজনক লেনদেনৰ ঘটনা সংঘটিত হৈছে। খাৰুপেটীয়াৰ নুৰ হাফিজ নামৰ যুৱক এজনৰ একাউণ্ট এটাৰ জৰিয়তে এই লেনদেন বহিঃৰাজ্যৰ অচিনাকি ব্যক্তিৰ সৈতে পোৱা গৈছে। বেংকৰ কৰ্তৃপক্ষই মঙলদৈ আৰক্ষীক অৱগত কৰাৰ পিছত খাৰুপেটীয়াৰ পৰা নুৰ হাফিজক গ্ৰেপ্তাৰ কৰে মঙলদৈ আৰক্ষীয়ে।

যুৱকজনে প্ৰাথমিক জেৰাত লেনদেনৰ কথা স্বীকাৰ কৰে যদিও সঠিক উদ্দেশ্য এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব সক্ষম হোৱা নাই। এই টকাৰ লেনদেনত আঠজন লোক জড়িত থকাৰ সন্দেহ। দুখীয়া দৰিদ্ৰ যুৱকজনে কানাড়া বেংকত ইমান টকা লেনদেন কৰিব ক’ত পালে কোন উৎসৰ পৰা টকাখিনি আহিছিল সেইয়া এতিয়াও আৰক্ষীয়ে তদন্ত চলাই আছে। অতি শীঘ্ৰে সঠিক তদন্তৰে অপৰাধী ধৰা পৰিব বুলি দৰং আৰক্ষীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply