প্ৰবীণ বৰুৱা, মঙলদৈ: দৰং জিলাৰ মঙলদৈত থকা দৰং কেঞ্চাৰ কেন্দ্ৰত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত বিশ্ব ধপাঁত বিৰোধী দিৱস পালন কৰে। বিশ্ব ধপাঁত বিৰোধী দিৱস উপলক্ষে দৰং কেঞ্চাৰ কেন্দ্ৰত সজাগতা সভা আৰু মুখৰ কৰ্কট ৰোগৰ স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী ৰূপায়ন কৰে।
সজাগতা সভাখনি উদ্বোধন কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডাঃ শিবা সন্তমেয়ৰে। দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডাঃ চহিদুল ইছলামে আঁত ধৰা সজাগতা সভাত উপস্থিত থাকে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী সুৰামনি শইকীয়া, দ্বীপজ্যোতি শৰ্মা, ৰুচা বেগকে ধৰি দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰী সকল।
বিশ্ব ধপাঁত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সজাগতা সভা আৰু মুখৰ কৰ্কট ৰোগৰ স্বাস্থ্য পৰীক্ষা কৰে অৰ্ধশতাধিক লোকে। সজাগতা সভাত চিকিৎসকলে ধপাঁত জাতীয় খাদ্য সামগ্ৰী বৰ্জন কৰি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি নিৰোগী হোৱাৰ লগতে কেঞ্চাৰ ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জনায় লগতে ধপাঁত জাতীয় সামগ্ৰী সকলোকে বৰ্জন কৰিবলৈ আহ্বান জনায়।