প্ৰবীণ বৰুৱা, মঙলদৈঃ দিনযোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত হৈছে দৰং জিলা দিৱস। দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰাল পেক্ষাগৃহত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
১৯৮৩ চনৰ ১৪ জুন তাৰিখে গঠন হোৱা দৰং জিলা খনৰ প্ৰথমবাৰৰ বাবে প্ৰশাসনে অনুষ্ঠিত কৰিলে জিলা দিৱস। অনুষ্ঠানত দৰঙৰ ইতিহাস সম্বলিত এখনি স্মৰণিকা প্ৰকাশৰ লগতে দৰঙৰ অন্যতম লোক কৃষ্টি শুকন্নানী ওজাপালি, দেওধনী, ব্যাসৰ ওজাপালি, চিয়াগীত, জিকিৰ আদি বিভিন্ন দৰঙী লোক কৃষ্টি প্ৰদৰ্শন কৰে।
লগতে আজিৰ এই অনুষ্ঠানত দৰঙৰ কলা কৃষ্টিৰ সাধক সকলক সম্বৰ্ধনাও জনোৱা হয়। অনুষ্ঠানত থলুৱা ভাৱে উৎপাদন কৰা আত্মসহায়ক গোটৰ সামগ্ৰীও বিক্ৰীৰ ব্যৱস্থা কৰে প্ৰশাসনে।