মঙলদৈঃ শুকুৰবাৰে নিলম্বিত হ’ল দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। ১১ জুনত দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঢেকীয়াজুলিৰ প্ৰজা পথৰ ১৩ বছৰীয়া এগৰাকী কিশোৰী চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। সেই কিশোৰী গৰাকী কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল।
উল্লেখ্য যে, ঘটনাৰ তদন্তৰ বাবে ধূলা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল যদিও সেই ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল। এই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাত ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে। কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশনাকো আওকাণ কৰি ঘটনাৰ তদন্ত নকৰাত নিলম্বিত হ’বলগা হ’ল দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক লগত লৈ বিষয়টোৰ সংক্ৰান্তত মৃত কিশোৰী গৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিবলৈ ঢেকীয়াজুলিৰ প্ৰজাপথৰ বাসগৃহত উপস্থিত হৈছিল। তেতিয়াই আৰক্ষীৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ কথা পোহৰলৈ অহাত নিলম্বিত হ’বলগা হয় তিনিওগৰাকী।