মঙলদৈঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান দৰং জিলা তথা পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ণ বিভাগৰ উদ্যোগত স্বাধীনতাৰ ৭৫ বছৰ জয়ন্তী ‘আজাদী কা অমৃত মহোৎসব’ উপলক্ষে দৰং জিলাৰ গ্ৰামাঞ্চলত বাস কৰা প্ৰায় এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত ১৩আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত স্বাধীনতা উৎসৱ উদযাপন কৰা ব্যৱস্থা কৰা হৈছে।

তদুপলক্ষে প্ৰতিটো পৰিয়ালত এখনকৈ ভাৰতৰ জাতীয় পতাকা যোগান ধৰিবলৈ আত্ম সহায়ক গোটৰ মহিলা সকলক জাতীয় পতাকা প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ব্যৱস্থা কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে।

দৰং জিলা পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ণ বিভাগৰ অন্তৰ্গত (ASRLM) মণ্ডল পৰ্য্যায়ৰ সংগঠন সমূহে তীব্ৰতাৰে পতাকা নিৰ্মাণ কৰি উলিয়ায়। শনিবাৰে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখনি পতাকা বিপনী কেন্দ্ৰ স্থাপন কৰে। বিপনী কেন্দ্ৰখন উদ্বোধন কৰে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply