প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈৰ শাকতোলা নদীৰ পূৱ দিশৰ ছিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ৷ যোৱা নিশা মথাউৰিটোৰ বৰআঠীয়াবাৰীত এটা অংশ ছিঙাৰ ফলত প্ৰায় ১৫ খনকৈ গাওঁ জলমগ্ন হৈ পৰিছে৷
মন্ত্ৰী গৰাকীয়ে শাকতোলা নদীৰ মথাউৰিৰ চিঙা অংশ পৰিদৰ্শন কৰি পানী কমাৰ লগে লগে মথাউৰিটো প্ৰাথমিক ভাবে মেৰামতি কৰি নবেম্বৰ মাহত সম্পূৰ্ণ মেৰামতি কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে৷ ইফালে, মথাউৰিটোৰ পৰিস্থিতিৰ সন্দৰ্ভত বিভাগ অৱগত নাছিল, এই ঘটনা আকস্মিক বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷
একাংশ দুষ্কৃতিকাৰীয়ে অবৈধ ভাবে মথাউৰিৰ ভিতৰৰ পৰা ট্ৰেক্টৰেৰে মাটি কটা কাৰ্যত ৰাইজক চকু দিবলৈ অনুৰোধ জনাই মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ মন্ত্ৰী গৰাকীক সংগ দিয়ে মঙলদৈৰ বিধায়ক বসন্ত দাস, দৰঙৰ উপায়ুক্ত আৰু মীন বিভাগৰ অধ্যক্ষ গুৰুজ্যেতি দাসে৷ মন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত ৰাইজক শীঘ্ৰে সাহায্য প্ৰদান কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে।