প্ৰবীণ বৰুৱা, মঙলদৈঃ অসমীয়াৰ স্বাভিমান, বীৰত্বৰ ধ্বজাবাহক বীৰ সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী বিস্তৃত কাৰ্যসূচীৰে দৰং জিলাতো উদযাপন কৰাৰ আয়োজন কৰা হৈছে। সেই অনুসৰি শুকুৰবাৰে ৰাতিপুৱা মঙলদৈ কাছাৰী ময়দানৰ পৰা মঙলদৈ চহৰৰ মাজেৰে আৰক্ষী বিভাগৰ দ্বাৰা কুচকাৱাজ কৰি বীৰ সেনাপতি গৰাকীৰ প্ৰতি অভিবাদন জনোৱা হয় । 

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰক্ষী বিভাগ, চিআৰপিএফ আৰু এচএচ বিৰ জোৱানসকল তথা মঙলদৈ মহাবিদ্যালয়ৰ এন চি চি কেডেট সকলে । তদুপৰি ১৯ নৱেম্বৰত দৰং জিলাৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ত লাচিত বৰফুকনৰ জীৱনৰ ওপৰত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। 

২০ নৱেম্বৰত ৰাতিপুৱা ১০ বজাত সনাতন ধৰ্মসভা প্ৰাঙ্গণত ৰক্তদান শিৱিৰ অনুষ্ঠিত হ’ব। লগতে সেইদিনাই সকলো পৌৰসভা এলেকা আৰু গাঁও পঞ্চায়ত এলেকাত স্বচ্ছতা অভিযান কাৰ্যসূচী আৰু গছপুলি ৰোপণ কৰা হব। ২১ নবেম্বৰত দিনৰ ১১ বজাত জিলা পুথিভঁৰালত লাচিত বৰফুকনৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। 

২২ নৱেম্বৰত মঙলদৈ মহাবিদ্যালয় আৰু ছিপাঝাৰ মহাবিদ্যালয়ত অসম বুৰঞ্জীৰ ওপৰত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উক্ত দিনাই ছিপাঝাৰ দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ প্ৰাঙ্গনত লাচিত বৰফুকনৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত মঙলদৈ চহৰৰ মাজেৰে এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হ’ব।

২৪ নৱেম্বৰত মঙলদৈৰ জিলা পুথিভঁৰালত বিভিন্ন কাৰ্যসূচীৰে লাচিত দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হ’ব। সকলো কাৰ্যসূচীত ৰাইজৰ অংশগ্ৰহণ তথা উপস্থিতি  জিলা প্ৰশাসনে কামনা কৰিছে। 

তদুপৰি ১৮ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ  বিভিন্ন কাৰ্যসূচীৰ লগতে মুখ্য কাৰ্যসূচী হ’ল সেনা নায়ক গৰাকীৰ বিষয়ে ৰাইজৰ লিখন কাৰ্যসূচী । লিখনৰ বাবে চৰকাৰীভাবে নিৰ্ধাৰিত পত্র বা উকা কাগজত লিখি ২৪ নৱেম্বৰৰ ভিতৰত ৱেবছাইটৰ যোগেদি আপলোড কৰি নিজৰ লিখন প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব পাৰিব । 

লিখনি আপলোড কৰিবলৈ lachtbarphukan.assam.gov.in পৰ্টেলত গৈ দেশৰ নাম, মবাইল নম্বৰ আৰু ইমেইল অন্তৰ্ভুক্ত কৰি sign in korok । ইয়াৰ উপৰিও গুগল প্লেষ্টৰলৈ গৈ Lachit Barphukan এপটো ডাউনলোড কৰিও লিখনি আপলোড কৰিব পাৰিব । লেখা আপলোডৰ পাছত অংশগ্রহণৰ ডিজিটেল প্ৰমাণপত্ৰ লাভ কৰিবলৈ আহ্বান জনায় দৰং জিলা প্ৰশাসনে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply