মঙলদৈঃ ৰাজ্যৰ মুঠ ৮০খন পৌৰ এলেকা সমূহৰ লগতে দৰং জিলাতো তিনিটা পৌৰ এলেকাৰ বাবে দেওবাৰে ৰাতিপুৱা ৮বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হৈছে। উল্লেখযোগ্য যে, দৰং জিলাত সৰ্বমুঠ ৩ টা পৌৰ এলেকা ক্ৰমে- মঙলদৈ, খাৰুপেটীয়াই আৰু ছিপাঝাৰ পৌৰ সভা।

উল্লেখ্য যে, ইয়াৰে মঙলদৈ পৌৰ এলেকাত ভোটদানৰ বাবে ২৪টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে খাৰুপেটিয়া আৰু ছিপাঝাৰ পৌৰ এলেকাত ভোটদানৰ বাবে ক্ৰমে ২১ আৰু ১৩ টা কৈ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। মঙলদৈ পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ বাবে সৰ্বমুঠ ২৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব।

সমান্তৰালকৈ খাৰুপেটিয়াৰ ১১ টা ৱাৰ্ডৰ বাবে ৩০ গৰাকীয়ে প্ৰতিদ্বন্দিতা কৰিব । ইফালে, ছিপাঝাৰ পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ বাবে সৰ্বমুঠ ২১ গৰাকীয়ে প্ৰাৰ্থীয়ে চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লগীয়া আছিল যদিও ৯ নং ৱাৰ্ডৰ অভিনৱ হাজৰিকাই বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হ’বলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত সৰ্বমুঠ ২০ গৰাকী প্ৰতিদ্বন্দিৰ মাজতে ৯ টা ৱাৰ্ডৰ বাবে সংগ্ৰাম সীমাবদ্ধ থাকিব ।

ৰাতিপুৱা ১১ বজালৈ মঙলদৈ পৌৰ সভাৰ ভোট গ্ৰহণ কেন্দ্ৰত সৰ্বমুঠ ১৯.৭ শতাংশ, ছিপাঝাৰ পৌৰ সভাৰ ভোট গ্ৰহণ কেন্দ্ৰত সৰ্বমুঠ ২১.৫ শতাংশ আৰু খাৰুপেটীয়া পৌৰ সভাৰ ভোট গ্ৰহণ কেন্দ্ৰত সৰ্বমুঠ ২৪.১০ শতাংশ ভোট গ্ৰহণ কৰা হয়। জিলা খনৰ মুঠ ভোটদান ১১ বজাত ২১.৭৬ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply