মঙলদৈঃ সোমবাৰে ঘোষণা হ’ল দৰং জিলাৰ তিনিখন পৌৰসভাৰ পৌৰপতি আৰু উপ পৌৰপতিৰ নাম। দৰং জিলা বিজেপিৰ কাৰ্যালয়ত মঙলদৈ, ছিপাঝাৰ আৰু খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি আৰু উপপৌৰপতিৰ নাম ঘোষণা কৰা হয়। ভাৰতীয় জনতা পাৰ্টী, দৰং জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত নৱ নিৰ্বাচিত খণ্ড আয়ুক্ত সকলৰ আদৰণি সভাত জিলাখনৰ তিনিওটা পৌৰসভাৰ সভাপতি আৰু উপ সভাপতি নাম ঘোষণা কৰে।

জিলাখনৰ সহ প্ৰভাৰী জুৰি শৰ্মা বৰদলৈ আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, দৰং জিলা বিজেপি-অগপৰ সভাপতি কৰ্মকৰ্তা সকল উপস্থিত থকা সভাখনত মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা আৰু উপসভাপতি হিচাপে অচ্যুত দাসৰ নাম ঘোষণা কৰে।

একেদৰে ছিপাঝাৰ পৌৰসভাৰ পৌৰপতি পিনাক্ষী শৰ্মা, উপ পৌৰপতি হিচাপে অভিনৱ হাজৰিকাৰ নাম ঘোষণা কৰে। লগতে খাৰুপেটীয়া পৌৰসভা সভাৰ পৌৰপতি হিচাপে কৃষ্ণা চাহা আৰু উপ পৌৰপতি হিচাপে অসীম চাহাৰ নাম ঘোষণা কৰে জিলাখনৰ সহ প্ৰভাৰী জুৰি শৰ্মা বৰদলৈয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply