প্ৰবীণ বৰুৱা, মঙলদৈ: দৰং জিলাৰ ৪ শিশুলৈ প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফৰ চিলড্ৰেন আঁচনিৰ অনুমোদন৷ দৰং জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত বিধায়ক পৰমানন্দ্ৰ ৰাজবংশীয়ে চাৰি শিশুলৈ প্ৰদান কৰে ১০ লাখ টকাৰ আঁচনিৰ ধন।
সমগ্ৰ দেশৰ ৫৫৭খন জিলা সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰা আঁচনিখনৰ পাছতে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে হিতাধিকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে৷ কোভিড মহামাৰীত নিহত পিতৃ-মাতৃৰ দুৰ্ভগীয়া শিশুসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০ লাখ টকাৰ ধন প্ৰদান কৰে৷
উল্লেখ্য যে, কোভিড মহামাৰীত নিহত পিতৃ-মাতৃৰ দূৰ্ভগীয়া সন্তানসকলক PM কেয়াৰ্ছ ফৰ চিলড্ৰেন আঁচনিযোগে ১৮ বছৰ বয়সলৈ শিক্ষা আৰু স্বাস্থ্যৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে শিশুসকলক আয়ুষ্মান কাৰ্ড প্ৰদান কৰাৰ উপৰিও জন ঔষধী কেন্দ্ৰৰ পৰা সহায় কৰা হ’ব৷
সমগ্ৰ দেশৰ ৪,৩৪৫ গৰাকী শিশুৱে PM কেয়াৰ্ছ ফৰ চিলড্ৰেন আঁচনিযোগে সহায় লাভ কৰিব৷ কোভিডত মৃত্যুবৰণ কৰা লোকসকলৰ দুৰ্ভগীয়া শিশুসকলৰ প্ৰতি আগবঢ়োৱা সহায়ৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।