নিউজ ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে চৰকাৰৰ লগতে অসম আৰক্ষীয়ে পাৰ্যমানে চেষ্টা চলাই গৈছে। দৰং আৰক্ষীয়ে বুধবাৰে নিশা এক অভিযান চলায়। এই অভিযানকালত দৰং আৰক্ষীয়ে আটক কৰে ৬টা ড্ৰাগছ সৰবৰাহকাৰীক।
বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, আৰক্ষীয়ে মঙলদৈৰ বাঘপৰি, টেঙাবাৰী, নতুনপাৰা, দুমুনিচৌকিৰ পৰা আটক কৰে এই ড্ৰাগছ সৰবৰাহকাৰী কেইটাক। আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে- ইয়াকুব আলী, দ্বীপজ্যোতি সাহা, ইমদাদ আলী, প্ৰদীপ চক্ৰৱৰ্তী, মইনুল হক আৰু আনোৱাৰ হুছেইন।
আৰক্ষীয়ে অভিযান চলাই এই ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আটক কৰাৰ লগতে জব্দ কৰিছে ২২ চিচি ড্ৰাগছ। লগতে এখন বাইক আৰু নগদ ১২ হাজাৰ টকা জব্দ কৰিছে দৰং আৰক্ষীয়ে।