প্ৰবীণ বৰুৱা, মঙলদৈ: ৰাজ্যৰ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত সোমবাৰৰ পৰা জিলা সমুহৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰাময়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷
দৰঙৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো আৰম্ভ হৈছে এই বিশেষ ব্যৱস্থা ৷ পুৱা ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ আজিৰ দিনটোত কাৰ্যালয়টোত দৰঙৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই জিলাখনৰ ৰাইজৰ ওজৰ আপত্তিসমূহ শুনি নিষ্পত্তিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
প্ৰতিদিনে জিলাখনৰ বেলেগ বেলেগ আৰক্ষী বিষয়াই এইদৰে উপস্থিত থাকি দৰংবাসীৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
ইতিমধ্যে আজিৰ দিনটো কেইবাজনো লোকে ওজৰ আপত্তি লৈ দৰঙৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰিছে। ইফালে, আৰক্ষী সঞ্চালক প্ৰধানজন এই কাৰ্যক শলাগ জনাইছে সৰ্বসাধাৰণ ৰাইজে।