ছিপাঝাৰঃ দৰঙত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফ্ল’ ৰ অৱস্থিতি ধৰা পৰা পিছতেই আতঙ্কিত হৈ পৰিছে জিলাখনৰ গাহৰি পালকসকল ।
এই ৰোগ প্ৰতিৰোধৰ বাবে পশুচিকিৎসকসকলেও আপ্ৰাণ চেষ্টা চলাই আছে।
দৰঙৰ ঔতলা অকলিবাৰীত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফ্ল’ ধৰা পৰাৰ পিছতেই জিলাখনৰ ছিপাঝাৰ, পাথৰিঘাট, ৰঙামাটী আদি অঞ্চলৰ গাহৰি পালক সকল আতঙ্কিত হৈ পৰিছে । এই অঞ্চলৰ বহুসংখ্যক শিক্ষিত যুৱকে চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি গাহৰি ফাৰ্ম খুলি স্বাৱলম্বনৰ বাট মুকলি কৰি লৈছিল ।
আৰু পঢ়কঃলখিমপুৰত আৰক্ষীৰ জালত পৰিল হিন্দু সন্তৰ বেশত ধন ঘটা প্ৰৱঞ্চক
কিন্তু গাহৰিৰ দেহত এই মাৰাত্মক ৰোগৰ অৱস্থিতি জিলাখনত ধৰা পৰা পিছতেই এতিয়া বজাৰ হেৰুৱাৰ আতংকত ভুগিছে শিক্ষিত যুৱকসকলে । সমান্তৰালভাৱে গাহৰি মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলো গ্ৰাহকৰ অভাৱত অধিক লোকচানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ।
উল্লেখযোগ্য যে , জিলাখনত গাহৰিৰ দেহত এই ৰোগৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই তৎপৰ হৈ পৰিছে জিলাখনৰ পশু চিকিৎসা বিভাগ ।
পশু চিকিৎসকলে গাহৰি পালকৰ ফাৰ্মত উপস্থিত হৈ গাহৰিসমূহ পৰীক্ষা কৰাৰ লগতে ৰোগটো নিয়ন্ত্ৰণৰ বাবে কেনেকুৱা ধৰনৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে পালকসকলক জ্ঞাত কৰে।