প্ৰবীণ বৰুৱা, মঙলদৈঃ দৰঙত কৰায়ত্ত কৰা হৈছে তিনিজনীয়া ডকাইতৰ এটা দলক। সোমবাৰে নামখলা গাঁও পঞ্চায়তৰ অন্তৰ্গত গোমঠাপাৰা গাঁৱত কালপানী নৈৰ পাৰত বাহিৰ পাতি থকা এই ডকাইতৰ দলটোক কৰায়ত্ত কৰে আৰক্ষীয়ে।

গাঁওখনৰে নিবাসী দুৰ্গেশ্বৰ ডেকা নামৰ ব্যক্তিগৰাকীৰ পুত্ৰ অজিত ডেকাৰ নেতৃত্বত দলটোৱে অঞ্চলটোত ধাৰিবাহিকভাৱে ডকাইতি ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। আৰু দলটোৰ আন দুজন সদস্য বিহাৰৰ বুলি জানিব পৰা গৈছে।

পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু বৈশ্য আৰু স্থানীয় লোকৰ সহযোগত ডকাইত তিনিটাক কৰায়ত্ত কৰাৰ লগতে জব্দ কৰিছে পিষ্টল আৰু ৫ জাঁই সজীৱ গুলী। 

ইতিমধ্যে আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ইফালে, ডকাইতৰ দলটোক কৰায়ত্ত কৰাৰ পাছতে সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply