মঙলদৈ, প্ৰবীণ বৰুৱাঃ দৰং জিলাৰ মঙলদৈ শালৈপাৰা গাঁৱত থকা মঙলদৈ মহিলা কল্যাণ সমাজৰ কাৰ্যালয়ৰ কস্তুৰী শিশু গৃহত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু মঙলদৈ মহিলা কল্যাণ সমাজৰ সহযোগত দেওবাৰে পালন কৰে বিশ্ব শ্ৰমিক দিৱস।
ভাৰতীয় শিশু কল্যাণ পৰিষদৰ দৰং জিলা সমিতিৰ সম্পাদিকা উপাসনা ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বন্তি প্ৰজ্বলন কৰে সমাজসেৱী চিত্ৰলেখা দেৱী মজুমদাৰে, তাৰ পিছতে সমূহীয়া প্ৰাৰ্থনা কৰে কস্তুৰী শিশু গৃহৰ আৱাসী সকলে।
বিশ্ব শ্ৰমিক দিৱস উপলক্ষে অনুষ্ঠানত উপস্থিত থাকি উদ্দেশ্য বাখ্যা আগবঢ়াই দৰং জিলা শ্ৰম বিষয়া গৌৰাংগ কুমাৰ দাসে। আজিৰ সভাত উপস্থিত থাকি গীত পৰিৱেশন কৰে মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা শ্ৰেষ্ঠ গায়িকা লনি গোস্বামীয়ে, সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই মঙলদৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ দেৱাশ্ৰী কাকতি, ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ পুৰস্কাৰ প্ৰাপ্ত শিক্ষক শশাংক হাজৰিকা।
লগতে আজিৰ অনুষ্ঠানটিত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সমাজকৰ্মী হৰেন চন্দ্ৰ দাস, শিক্ষক অৰবিন্দ হাজৰিকা, সমাজকৰ্মী ভূপেন হাজৰিকা, মঙলদৈ বিলিয়েন একাডেমীৰ শিক্ষয়িত্ৰী দৰ্শনা মজুমদাৰ, সমাজসেৱী লুকুমনি শৰ্মা লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিৰ আঁত ধৰে মঙলদৈ মহিলা কল্যাণ সমাজৰ সভানেত্ৰী ৰশ্মি ৰেখা শৰ্মাই।