ধেমাজিঃ ধেমাজিৰ গোহাঁই গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। লম্পট শহুৰেকৰ যৌন আতিশায্যৰ বলি হ’বলগীয়া হৈছে বোৱাৰীয়েক।
দিনেশ বুঢ়াঁগোহাই নামৰ লোকজনে বোৱাৰীয়েক দীৰ্ঘ দিন ধৰি চলাই আহিছে যৌন নিৰ্যাতন।
ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে ধেমাজি সদৰ থানাত এজাহাৰ দাখিল কৰিছে। পিছে ধেমাজিৰ সদৰ আৰক্ষীয়ে ঘটনা সৰ্ম্পকত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই।
লগতে পঢ়কঃডবকাৰ ৰফিকুল ইছলাম নামৰ দালাল জনক কৰায়ত্ব কৰিবলৈ চৰকাৰক আহ্বান
অৱশেষত ভুক্তভুগী মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
উল্লেখ্য যে, লম্পট দিনেশ বুঢ়াগোহাঁই পেছাত এজন শিক্ষক ।
নাৰী সুৰক্ষাৰ বিষয়ে উত্থাপন হৈ থকা চৰকাৰখনে লম্পট শিক্ষক শহুৰেকৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হ’ব লক্ষ্যনীয় বিষয় ।