গুৱাহাটী : উত্তৰ-পূব ভাৰতত কেঞ্চাৰ ৰোগ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা গুৱাহাটীৰ খানাপাৰাস্থ হেলথ্‌ চিটী হাস্পতালত শনিবাৰে কেঞ্চাৰ ৰোগীৰ বাবে মুকলি কৰা হয় এটি “ডে কেয়াৰ কেম’ইউনিট”। কেঞ্চাৰ ৰোগীৰ বাবে এই ইউনিটো মুকলি কৰে হেলথ্‌ চিটী হাস্পতালৰ চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰ আৰু অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰে।

অসমকে ধৰি উত্তৰ-পূব ভাৰতত কেঞ্চাৰ ৰোগীৰ দ্ৰুত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৩০খন বিছনাযুক্ত এই কেম’ ইউনিটটো মুকলি কৰা হয় বুলি প্ৰকাশ কৰে হেলথ্‌ চিটী হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই। এই ইউনিটটো পৰিচালিত হ’ব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খ্যাতনামা কেঞ্চাৰ ৰোগ বিশেষজ্ঞ ডাঃ ভাৰ্গৱ শইকীয়াৰ নেতৃত্বত। কেম’ থেৰাপীৰ বাবে দীৰ্ঘ সময় ধৰি অপেক্ষা বা শাৰী পাতিবলগীয়া অৱস্থাৰ পৰা কেঞ্চাৰ ৰোগীসকলে কিছু হ’লেও সকাহ পাব বুলিও দত্তই মন্তব্য কৰে।

উল্লেখ্য যে দেশৰ লগতে অসমতো ক’ভিড মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ মাজতে হেলথ্‌ চিটী হাস্পতালে নতুনকৈ মুকলি কৰা ডে কেয়াৰ কেম’ ইউনিট ৰাজ্যৰ লগতে উত্তৰ পূৱৰ কেঞ্চাৰ ৰোগী সকলক বহু সকাহ প্ৰদান কৰিব। অসমৰ লগতে উত্তৰ পূৱৰ বহু কেঞ্চাৰ ৰোগী বহিঃৰাজ্যৰ চিকিৎসালয় সমূত চিকিৎসা বাবে যোৱা দেখিবলৈ পোৱা যায়। ক’ভিডৰ এই ভয়াবহ সময়ত কেঞ্চাৰ ৰোগী সকল অসমতে উন্নত চিকিৎসা লাভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply