গুৱাহাটী : কামৰূপ মহানগৰ জিলাত কভিড আক্রান্তৰ সংখ্যা দিনক দিনে ভয়াবহভাৱে বৃদ্ধি পােৱাৰ ক্ষেত্ৰত উদ্বিগ্ন হৈ পৰিছে কামৰূপ জিলা প্রশাসন। বিহু উদযাপনৰ নামত জিলাখনত যাতে অধিক সংকটৰ সৃষ্টি নহয়, এই উদ্দেশ্যে শনিবাৰে জিলাখনৰ ৰঙালী বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগত প্রশাসনৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয়।
জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত জিলাৰ অতিৰিক্ত উপায়ক্তসকলৰ উপৰি মহানগৰৰ যুটিয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে অংশগ্রহণ কৰে। সভাত উপায়ুক্ত গৰাকীয়ে বিহু উদযাপন সমিতিসমূহৰ বিষয়ববীয়াসকলক বিহু সামৰিবলৈ নিশা ১১ বজাৰ নিৰ্ধাৰিত সময় শিলৰ ৰেখাৰ দৰে মানি চলিবলৈ নির্দেশ দিয়ে।
বিহু উদযাপনৰ নামত মহামাৰী কভিডে যাতে জিলাখনত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব নােৱাৰে, তাৰবাবে প্ৰৱেশদ্বাৰতে হাত ধুৱা চাবােন-পানী, চেনিটাইজাৰ আৰু থার্মেল স্কেনিঙৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। উপায়ুক্ত গৰাকীয়ে লগতে কয় যে বিহুস্থলীত উপস্থিত দর্শকে মাস্ক নিপিন্ধিলে এহাজাৰ টকাকৈ জৰিমনা বিহােৱাৰ বাবে আৰক্ষী আৰু দণ্ডাধীশে বিহু উদযাপনস্থলীত ব্যৱস্থা গ্রহণ কৰিব।
কভিডৰ নিয়মাৱলী কঠোৰভৱে মানি নচলিলে অহা ২০ দিনৰ ভিতৰত ৰাজ্যখনত কভিডে মাৰাত্মক ৰূপ ধাৰণ কৰিব বুলি উপায়ুক্ত গৰাকীয়ে সভাত মন্তব্য কৰে। আনহাতে, সভাত বিহু উদযাপনৰ বিভিন্ন নিয়মাৱলী ব্যাখ্যা কৰি মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে বিহু উদযাপন কৰাৰ নামত নিজকে সংকটৰ মুখলৈ ঠেলি নিদিবলৈ আহ্বান জনাই প্রথমতে শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ জিলাবাসীক অনুৰােধ কৰে।