জিলা প্ৰশাসন কৰ্মচাৰী সন্থা

ডিব্ৰুগড়: সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যচৰকাৰৰ কৰ্মচাৰী সকলৰ পৰা ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এদিনৰ দৰমহা কৰ্তন কৰাৰ বাবে জনোৱা আহ্বানৰ বিৰোধিতা কৰিছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই।
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি সন্থাৰ সাধাৰণ সম্পাদক ৰঞ্জন ৰাইদঙীয়াই কয় যে,
সদৌ অসম কৰ্মচাৰী পৰিষদে এনে ধৰনৰ সিদ্ধান্ত লোৱাৰ সময়ত সকলো কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন আছিল। ৰাজ্যিক কৰ্মচাৰী সকলৰ কেইবাটাও নিজা সংগঠন আছে সেইবোৰ সংগঠনৰ সদৌ অসম কৰ্মচাৰী পৰিষদ অভিভাৱক নহয় ।

কৰ্মচাৰী পৰিষদৰ সভাপতি আৰু সাধাৰন সম্পাদকে এই সংগঠন বিলাকৰ লগত কোনোধৰণৰ আলোচনা নকৰাকৈ সকলো ৰাজ্যিক কৰ্মচাৰীৰ পৰা এদিনৰ দৰমহা কৰ্তন কৰিবৰ বাবে চৰকাৰৰ ওচৰত আবেদন দাখিল কৰিবলৈ ক’ত অধিকাৰ পালে বুলি প্ৰশ্ন কৰে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সাধাৰন সম্পাদক গৰাকীয়ে ।


দেশৰ প্রতিটো দুৰ্যোগৰ সময়ত যেনে বানপানী, ধুমুহা, নিৰ্বাচন আদি সকলো কামৰ বাবে আগশাৰীত থকা কৰ্মচাৰীখিনিয়েই হৈছে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী বা জিলা প্রশাসনৰ কৰ্মচাৰী য’তেই উপায়ুক্ত তাতেই জিলা প্রশাসনৰ কৰ্মচাৰী।

ক’ভিড-19 মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে যি ভূমিকা পালন কৰি আহিছে সেয়া স্বাস্থ্য বিভাগৰ কৰ্মচাৰীতকৈ কোনো গুণেই কম নহয়।গতিকে চৰকাৰলৈ সাহাৰ্য্য আগবঢ়োৱা বা নবঢ়োৱাটো জিলা প্রশাসন কৰ্মচাৰী সন্থাই নিজে সিদ্ধান্ত লব বুলি সংবাদ মেলত মন্তব্য কৰে।


সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তগৰ্ত কৰ্মচাৰী সকলৰ পৰাহে এদিনৰ দৰমহা কৰ্তন কৰাৰ ব্যৱস্থা কৰক বুলি মন্তব্য কৰি চৰকাৰ দুৰ্যোগত পৰিলে জিলা কৰ্মচাৰী সন্থাই নিজেই সিদ্ধান্ত লব বুলি কৈ প্ৰয়োজন হলে এদিন কিয়, পাঁচ দিনৰ লৈকে দৰমহা কৰ্তন কৰাব বুলিও স্পষ্ট কৰি দিয়ে।

লগতে পঢ়ক বড়োলেণ্ড কল্যাণ বিভাগ নামৰ পৃথক বিভাগ সৃষ্টিত কেবিনেটৰ অনুমোদন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply