হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাকলৈ হাটশিঙিমাৰীত দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাটশিঙিমাৰীৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত থকা অসম মেঘালয় সীমান্তৰ বাঘাপাৰাত স্থানান্তৰ কৰা হ’ব দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়।
ইতিমধ্যে গুৱাহাটীৰ পৰা বিশেষজ্ঞৰ দল এটা হাটশিঙিমাৰীত আহি এই প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় নামনি এলেকাত হোৱা বাবে কাৰ্যালয়খন প্ৰতি বছৰে বানৰ কবলত পৰে, আনকি গৰাখহনীয়াৰ ফলত উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰতি ভাবুকি আহি পৰিছে।
লগতে পঢ়ক : মাজুলী গড়মূৰ কমলাবাৰীত পথ দুৰ্ঘটনা
বানপানী আৰু গৰাখহনীয়াৰ কাৰণ দেখুৱাই ৰহস্যজনকভাৱে চল্লিছ বছৰ পূৰ্বে স্থাপন হোৱা কাৰ্যালয় স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া চলাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনো কাৰণতে ৰাইজে এই প্ৰক্ৰিয়া মানি নলয় বুলি ইতিমধ্যে দল-সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।