সোণাৰি : সোণাৰিত মৃত ঘোং উদ্ধাৰ। সোণাৰিৰ অশ্বিনীবিলত উদ্ধাৰ হৈছে বিলুপ্তপ্ৰায় মৃত ঘোং উদ্ধাৰ।
এখন চাহ বাগিচাৰ মাজত এটা খালত উদ্ধাৰ হয় মৃত ঘোংটো। চাহ বাগিচাৰ শ্ৰমিকে খালত মৃত ঘোংটো দেখা পাই বন বিভাগক খবৰ দিয়ে।
লগতে পঢ়ক : যোৰহাটত ৰে’লে মহতিয়াই নিলে ট্ৰাক
সোণাৰিৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে উদ্ধাৰ কৰিছে মৃত ঘোংটো। মৃত ঘোংটো দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছিল অশ্বিনীবিল অঞ্চলত। বন বিভাগে বয়সৰ বাবেই স্বাভাবিক মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।