গুৱাহাটী : মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। এগৰাকী বৃদ্ধৰ মৃতদেহ উদ্ধাৰ হৈছে মহানগৰীৰ পানবজাৰত। শোৱনি কোঠাৰ ভিতৰত উদ্ধাৰ ৭০ বছৰীয়া বৃদ্ধ গৰাকীৰ মৃতদেহ।
মহানগৰী গুৱাহাটীৰ পানবজাৰত এগৰাকী বৃদ্ধৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। পানবজাৰৰ মেংগো লেনত এটা ঘৰত উদ্ধাৰ হৈছে তুৰ বাহাদুৰ ছেত্ৰী নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধৰ মৃতদেহ।
লগতে পঢ়ক : লখিমপুৰত আমছুৰ পুত্তলিকা দাহ
শোৱনি কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে বৃদ্ধ গৰাকীৰ মৃতদেহ। তুৰ বাহাদুৰ ছেত্ৰী নামৰ বৃদ্ধ গৰাকীৰ দুই কন্যা বহিঃৰাজ্যত থাকে বুলি জানিব পৰা গৈছে। বৃদ্ধ গৰাকীৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।