গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ । ২১ বছৰীয়া আয়েচা খাটুন নামৰ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ। শিশু চিকিৎসা বিভাগৰ শৌচালয়ত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। মহিলাগৰাকীৰ তিনি বছৰীয়া সন্তান ভৰ্তি হৈ আছিল হাস্পাতালত ৷
নিশা হাস্পাতালতে স্বামীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মহিলাগৰাকী ৷
দ্বিতীয় স্বামী হাদি আলিয়ে হত্যা কৰাৰ সন্দেহ আয়েচাৰ মাতৃৰ। কাৰণ দুয়োৰে কাজিয়াৰ সময়ত মাক উপস্থিত আছিল।
পূৰ্বৰ স্বামীৰ লগত সন্দেহ কৰি আয়েচাৰ লগত প্ৰায়ে কাজিয়াত লিপ্ত হয় বৰ্তমানৰ স্বামী হাদি আলিৰ।
কঠোৰ নিৰাপত্তাৰ লগতে ৰোগী-আত্মীয়ই গিজগিজাই থকাৰ মাজতে এই ঘটনা সংঘটিত হয়। আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে। প্ৰত্যক্ষৰত লোকক সোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিন্তু গুৱাহাটী মেডিকেল কলেজ হস্পিতালত কেনেদৰে হত্যাকাণ্ড সংঘটিত হ’ল, তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ