গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ উদ্ধাৰ মৃতদেহ। দীঘলীপুখুৰীৰ পানীত উদ্ধাৰ হৈছে এজন পুৰুষৰ মৃতদেহ। এতিয়াও চিনাক্ত হোৱা নাই মৃতদেহটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত।
মহানগৰী গুৱাহাটীৰ দীঘলীপুখুৰীত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমবাৰে পুৱাৰ ভাগত দীঘলীপুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
পুৱাৰ ভাগত একাংশ লোকে দীঘলীপুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত পানবজাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ পানীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।
মৃতদেহটো এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। উৱলি যোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে। কেইবাদিন পূৰ্বে লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
লগতে পঢ়ক- আলফাত যোগদান কৰিব যোৱা তিনি যুৱক আটক