ৰূপহীহাট: নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিমলুআটি গাঁৱত আজি পুৱাৰ ভাগত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
মৃত মহিলা গৰাকী শিমলুআটি গাঁৱৰ ইদ্ৰিছ আলীৰ পত্নী জায়েদা খাতুন(৪৫) বুলি চিনাক্ত কৰা হৈছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে , মৃত মহিলা গৰাকী দীৰ্ঘদিন ধৰি মানসিক ভাৱে বিকাৰগ্ৰস্ত থকাৰ লগতে কালিৰে পৰা সন্ধানহীন হৈ আছিল ।
পুৱাৰ ভাগত ঘৰৰ ওচৰতে থকা পুখৰীত উপঙি থকা অৱস্থাত মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি দগাঁও আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে । ঘটনা স্থলীত ইতিমধ্যে দগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে নগাঁৱলৈ প্রেৰণ কৰে ।
লগতে পঢ়ক অসম অৰুণাচল সীমান্তৰ ৰতনপুৰত দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ